Psalms 1


1ধন্য সেই লোক, যি জনে দুষ্টসকলৰ পৰামর্শমতে নচলে,

পাপীসকলৰ পথত থিয় নহয়,
নিন্দকসকলৰ সমাবেশত নবহে;
2কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়,
আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।

3সেই মানুহ বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ দৰে,

যি গছে বতৰত ফল দিয়ে,
আৰু যাৰ পাত জঁয় নপৰে;
তেওঁ সকলো কৰ্মতে সফলতা লাভ কৰে।

4দুষ্টসকল তেনেকুৱা নহয়;

তেওঁলোক বতাহে উৰুৱাই নিয়া তুঁহৰ দৰে।
5এই কাৰণে দুষ্টসকল ন্যায়-বিচাৰত থিয় হ’ব নোৱাৰিব,
আৰু পাপীলোকে ধাৰ্ম্মিকসকলৰ সভাত থাকিব নোৱাৰিব।

কাৰণ যিহোৱাই ধাৰ্ম্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে,

কিন্তু দুষ্টসকলৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।
6

Copyright information for AsmULB